Bhawesh Kalita

জনসাধাৰণৰ ওপৰত চৰকাৰৰ মাধমাৰ৷ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ বৃদ্ধি পাব ঔষধ, বিদ্যুৎ আৰু টোলগেটৰ মাচুল ৷ মূল্য নিয়ন্ত্ৰণৰ লক্ষ্যৰে শাসনলৈ অহা বিজেপি চৰকাৰৰ দিনত মূল্যবৃদ্ধিৰে অভিলেখ ৷ টোল বৃদ্ধিক লৈ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ অদ্ভুত মন্তব্য ৷ সভাপতি গৰাকীয়ে কয়-' যাৰ লাখ লাখ টকাৰ গাড়ী থাকে সেইসকলহে টোলগেটেদি যায়। ৫,১০ লাখ টকাৰ গাড়ী কিনিব পাৰিলে টোল গেটত মাচুল দিয়াত আপত্তি কত ? প্ৰশ্ন ভৱেশ কলিতাৰ ৷  ভাল পথেৰে যাব বিচাৰিলে টোল দিবই লাগিব ৷ প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদত ভাল পথেৰে জনতা যাব পাৰিছে বুলি উল্লেখ সভাপতিগৰাকীৰ ৷