Anuradha Sharma Borpujari

ৰাজ্য কঁপাইছে গামোচাৰ বিতৰ্কই । দেশজুৰি চলিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। শেহতীয়াকৈ বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা বৰপূজাৰীয়ো এই সন্দৰ্ভত মন্তব্য় কৰে। তেখেতে কয়- 'বাংলা আৰু অসমীয়াৰ গামোচাক মিলাইহে দিয়া হৈছে যাতে দুইখন গামোচাৰ ৰঙা ৰঙটো একেলগ হয়। সকলো সকলোৰে লগত ভালে থাকক। এফালে আছে ৰবীন্দ্ৰ নাথ ঠাকুৰ আনফালে আছে লক্ষ্মীনাথ বেজবৰুৱা। এফালে আছে সত্যেন্ন দেৱ আনফালে আছে শংকৰদেৱ। তেওঁলোকে এই সমন্বয় বিচাৰিছিল গতিকে আমি এই সমন্বয়ক আদৰণি জনোৱাটোহে উচিত।  অতীতৰ তিতা-মিঠা বোৰ পাহৰি আমি সকলো  এক হৈহে থাকিব লাগে। সাহিত্য আৰু সংগীতৰ কোনো ভাষা নাই।'