Loveleena Borgohain

অসমত উপস্থিত হ'ল বিশ্বজয়ী বক্সাৰ লাভলীনা বৰগোঁহাই। আইবিএ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ৭৫ কেজি শাখাত স্বৰ্ণ জয় কৰিছিল লাভলীনাই। অসমবাসীয়ে ঢোলে-ডগৰে আদৰি আনিলে অসম কন্যাক। অসমত উপস্থিত হৈয়ে চেম্পিয়ন গৰাকীয়ে কয়- 'সকলোৱে ইমান মৰম দিছে তাৰ কাৰণে মই সদাই অসমবাসী তথা ভাৰতবাসী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছো'।'কোনো বস্তু ইমান easy নহয় struggle কৰিবই লাগিব, কষ্ট কৰিলে ভাল ফল পাব'। বিশ্ব চেম্পিয়ন গৰাকীক কাষত পাই উৎফুল্লিত অসমবাসী।