Cracked Heels

ঠাণ্ডা দিনত সাধাৰণতে প্ৰায়ে সকলোৰে ভৰিৰ গোৰোহা ফটা দেখিব পোৱা যায়। ঘৰতে এই সমস্যাৰ সমাধান পাব পাৰি। 

ক) নিশা শোৱাৰ আগত নিয়মীয়াকৈ পৰিস্কাৰ কৰিব। 

খ) সমান পৰিমাণে জলফাই তেল আৰু নাৰিকল তেল মিহলাই গোটেই নিশা ভৰিত সানি ৰাখিব।

গ) পকা অমিতাৰ লগত নেমু ৰস মিহলাই গোৰোহাত লগালেও উপশম পাব পাৰি ।

ঘ) গোলাপজলৰ লগত গ্লিচাৰিন মিহলাই লগালেও গোৰাহা ফটা কম হয়৷

ঙ) পানীৰ সৈতে আম গছৰ ৰস মিহলাই ভৰি দুখন তিয়াই ৰাখিব।