Water

শৰীৰৰক যিমান স্বাস্থ্যকৰ আহাৰৰ প্ৰয়োজন, সিমানেই প্ৰয়োজন পানীৰ। আমাৰ খাদ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ হৈছে পানী। যদি আমি প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণৰ পানী সেৱন নকৰো, তেতিয়াহ’লে আমি যিমানেই স্বাস্থ্যসন্মত খাদ্যাভ্যাস পালন নকৰোঁ কিয় আমাৰ স্বাস্থ্য কেতিয়াও ভাল নহ’ব। উপযুক্ত পৰিমাণৰ পানী নোখোৱাৰ ফলত ইয়াৰ প্ৰভাৱ আমাৰ শৰীৰত দেখা দিবলৈ আৰম্ভ কৰে। সেইকাৰণে পানী খোৱাটো জৰুৰী।