cricketer news

অষ্ট্ৰেলিয়াত গ্ৰেপ্তাৰ শ্ৰীলংকাৰ ক্ৰিকেটাৰ দানুস্কা গুণথিলকাক। শনিবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেচ শেষ হোৱাৰ পিছমুহূৰ্ততে অষ্ট্ৰেলিয়াৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ক্ৰিকেটাৰ গৰাকীক। ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ শ্ৰীলংকাৰ বিশ্বকাপ দলৰ অপেনা দানুস্কা গুণথিলকাক। সম্প্ৰতি অষ্ট্ৰেলিয়াৰ আৰক্ষীয়ে সোধাপোছা কৰি আছে ক্ৰিকেটাৰ গৰাকীক। উল্লেখ্য যে, ৩১বছৰীয়া ক্ৰিকেটাৰজন  গ্ৰেপ্তাৰৰ পিছতে সোধ-পোচৰ বাবে লৈ যোৱা হয় চিডনী চিটি আৰক্ষী চকীলৈ। দেওবাৰে ইংলেণ্ডৰ হাতত পৰাজিত হোৱাৰ পিছত শ্ৰীলংকাৰ দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছিল।