Singing Reality Show

ৰাষ্ট্ৰীয় পৰ্যায়ৰ জনপ্ৰিয় সংগীতানুষ্ঠানৰ ৰিয়েলিটি শ্ব' সা ৰে গা মা পা লিট'ল চেম্পছৰ মঞ্চ কঁপাইছে কণমানি জেটচিন ড'না লামাই। ৯ বছৰীয়া জেটচিনৰ ঘৰ ছিকিমত। জেটচিন প্ৰকৃততে শান্ত প্ৰকৃতিৰ ছোৱালী। অ'ডিশ্যনত প্ৰথমে জেটচিনক সকলোৱে নাৰ্ভাচ হৈ থকা বুলি ভাবিছিল আনকি বিচাৰক নিতি মোহন, শংকৰ মহাদেৱন আৰু অনু মালিকেও জেটচিনৰ প্ৰতি এই মনোভাৱ ৰাখিছিল। কিন্তু জেটচিনে প্ৰথম গানৰ কলি গাঁওতেই সকলো বিচাৰক আচৰিত হৈ পৰে। জেটচিন যিমানে গহীন আৰ শান্ত তাইৰ মাতটো সিমানেই শক্তিশালী। উচ্চ স্বৰত গান গাই সকলোৰে মন মুহিলে জেটচিনে। এতিয়া জেটচিনৰ প্ৰশংসাত পঞ্চমুখ সকলো। অসমবাসীৰ লগতে উত্তৰ-পূৰ্বাঞ্চলবাসীয়েও বিচাৰিছে জেটচিনে লৈ