Sitrang

ছিট্ৰাঙে চুই গ’ল অসম, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচলপ্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰৰ বিভিন্ন অঞ্চলত। ঘন্টাত ৪০ৰপৰা ৫০ কিলোমিটাৰ বেগত খুন্দা সামুদ্ৰিক ঘূৰ্ণি ছিট্ৰাঙৰ।ছিট্ৰাঙৰ প্ৰভাৱত অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত নেৰানেপেৰা বৰষুণ। সোমবাৰে পুৱাৰে পৰা গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত ছেগাচোৰোকাকৈ আহি থকা বৰষুণে সন্ধিয়াৰ পৰা নেৰানেপেৰা ৰূপ লয়।মঙলবাৰেও অসমৰ লগতে উত্তৰ-পূবৰ বহু অঞ্চলত ঘণ্টাত ৫৫ কিলোমিটাৰ বেগেৰে ধুমুহা-বৰষুণ অহাৰ সম্ভাৱনা আছে। ২৬ অক্টোবৰত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ কেতবোৰ অঞ্চলত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। ইয়াৰোপৰি গুৱাহাটী আৰু দাঁতিকাষৰীয়া অঞ্চলসমূহত অ