অসমত ৰেড এলাৰ্ট, অসম তথা উত্তৰ পূৰ্বাঞ্চলত সাগৰীয় ধুমুহা ছিত্ৰাঙৰ প্ৰভাৱ

Sitrang Cyclone

ছিট্ৰাঙে চুই গ’ল অসম, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচলপ্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰৰ বিভিন্ন অঞ্চলত। ঘন্টাত ৪০ৰপৰা ৫০ কিলোমিটাৰ বেগত খুন্দা সামুদ্ৰিক ঘূৰ্ণি ছিট্ৰাঙৰ।ছিট্ৰাঙৰ প্ৰভাৱত অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত নেৰানেপেৰা বৰষুণ। সোমবাৰে পুৱাৰে পৰা গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত ছেগাচোৰোকাকৈ আহি থকা বৰষুণে সন্ধিয়াৰ পৰা নেৰানেপেৰা ৰূপ লয়।মঙলবাৰেও অসমৰ লগতে উত্তৰ-পূবৰ বহু অঞ্চলত ঘণ্টাত ৫৫ কিলোমিটাৰ বেগেৰে ধুমুহা-বৰষুণ অহাৰ সম্ভাৱনা আছে। ২৬ অক্টোবৰত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ কেতবোৰ অঞ্চলত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। ইয়াৰোপৰি গুৱাহাটী আৰু দাঁতিকাষৰীয়া অঞ্চলসমূহত অহা ২৬ অক্টোবৰলৈ নেৰানেপেৰা বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।

ছিত্ৰাঙৰ প্ৰভাৱত গুৱাহাটীত অহা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ কৃত্ৰিম বানে বুৰাই পেলায় মহানগৰী। হাতীগাঁও, ৰুক্মিনীনগৰ, চানমাৰি, জু-ৰোডৰ বিভিন্ন অঞ্চল আৰু GS ৰোডতো সৃষ্টি হয় কৃত্ৰিম বানৰ।বাংলাদেশত ৭জনকৈ লোকৰ প্ৰাণ ল'লে সামুদ্ৰিক ধুমুহা ছিট্ৰাঙে। একেটা পৰিয়ালৰ ৩ জনকৈ লোক নিহত। ঢাকাৰ নাগলকোটত সংঘটিত হয় এই ঘটনা। ছিট্ৰাঙৰ বাবে বাংলাদেশত প্ৰবল ধুমহা, বৃষ্টিপাত। ছিট্ৰাঙৰ বাবে খালী কৰা হৈছে কক্সবজাৰ উপকূলীয় অঞ্চল।

Category
Profile picture for user UB Photos