majuli news

উত্তপ্ত মাজুলী। এক দুৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ। অতিৰিক্ত উপায়ুক্তৰ এছক'ৰ্ট বাহনে খুন্দিয়ালে ২ ছাত্ৰক। থিতাতে নিহত সপ্তম শ্ৰেণীৰ ছাত্ৰ অয়নজ্যোতি বণিয়া। গুৰুতৰভাৱে আহত দশম শ্ৰেণীৰ ছাত্ৰ মলয় নাথ। মাজুলীৰ বৰগুৰি চাৰিআলিত এই দুৰ্ঘটনা। গড়মূৰলৈ আহি থকা অৱস্থাতে খুন্দিয়াই এছক'ৰ্টখনে। আৰক্ষীৰ বাহনখনৰ পৰা উদ্ধাৰ হ'ল সুৰাৰ বটল। ৰাইজে কৰায়ত্ত কৰে বাহনসহ আৰক্ষীৰ লোকসকলক। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰে CRPF বাহিনীক। ঘটনাস্থলীত উপস্থিত SP,প্ৰশাসনিক বিষয়া।