Feeling Sleepy in the Office

প্ৰায় বেছি সংখ্যক লোকৰে দিনৰ ভাগত অৰ্থাৎ দুপৰীয়া সময়ত বেছিকৈ ধৰে টোপনি।

স্কুল-কলেজৰ শিক্ষাৰ্থী, কৰ্মচাৰীয়ে হওক বা অফিচৰ কৰ্মচাৰীয়ে হওক নহ’লে বা আন বেলেগেই হওক প্ৰায় সকলোৰে টোপনি ধৰে দিনৰ ভাগত। আনকি ঘৰত থকা সময়তো টোপনি ধৰে প্ৰায়সকলৰে। দিনৰ সময়ৰ এই টোপনিয়ে বহু সময়ত সমস্যাৰো সৃষ্টি কৰে। টোপনিৰ এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আছে কেইবাটাও উপায়।

দিনৰ ভাগৰ টোপনি দূৰ কৰিবলৈ আপুনিও অবলম্বন কৰক এই কেইটা উপায়...

১) নিতৌ ব্যায়াম কৰক। কাম কৰাৰ আগতে যোগাসন অথবা ব্যায়াম কৰিলে মন সুস্থিৰ থাকে। ই আপোনাক গোটেই দিনটো সক্ৰিয় অনুভৱ কৰাত আৰু আপোনাৰ শৰীৰক সজাগ ৰখাত সহায় কৰে।