duga puja 2022 celebration

আজি পবিত্ৰ মহালয়া। মহিষা মৰ্দিনী দশভূজাৰ মৰতলৈ আগমনৰ সময়। পুৱাৰে পৰা চণ্ডী পাঠেৰে মুখৰিত ৰাজ্যৰ চৌপাশ। এইবাৰ হস্তীত উঠি ধৰালৈ আগমণ ঘটিল মা দূৰ্গাৰ।

 

  
এই মহালয়াৰ দিনটোতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে মহিষাসুৰক দমন কৰিবলৈ দেৱী দুৰ্গাৰ সৃষ্টি কৰিছিল। এই দিনটোতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে দেৱী দূৰ্গাক নেত্ৰ প্ৰদান কৰি সম্পূৰ্ণ কৰি তুলিছিল। সেয়ে এই মহালয়াৰ দিনটোত দেৱী দূৰ্গীৰ প্ৰতিমাত অন্তিম পৰশ হিচাপে নেত্র আঁকিব মৃৎ শিল্পীসকলে।