তৰাজ হাছবেণ্ড

ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত ছবি নিৰ্মাতা অসমৰ ৰীমা দাসৰ ‘তৰাচজ হাছবেণ্ড’ নামৰ ফিল্ম ভূষণ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱ (Busan international Film festival) ত প্ৰদৰ্শিত হ’ব। ‘ভিলেজ ৰকষ্টাৰ’ আৰু ‘বুলবুল কেন ছিং’ৰ পাছত তেওঁৰ নতুন ছবি ‘তৰাজ হাছবেণ্ড’ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱত স্থান লাভ কৰিছে।

তথ্য অনুসৰি, আগন্তুক অক্টোবৰ মাহৰ ৫ ৰ পৰা ১৪ তাৰিখলৈ ২৭ সংখ্যক ভূষণ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱ (BIFF) দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ’ব। ‘A Window on Asian Cinema’ শীৰ্ষক এক বিশেষ শাখাত দেখুওৱা হ’ব ‘তৰাজ হাছবেণ্ড’।