Parade Ground Dhemaji

ধেমাজিত আত্মাৰ আৰ্তনাদ। ধেমাজিত কেঁচা তেজৰ চেকুঁৰাই আজিও প্ৰমাণ কৰে উগ্ৰপন্থীৰ বৰ্বৰতাৰ কাহিনী।

স্বাধীনতা দিৱস বুলিলেই আজিও গাৰ নোম শিয়ৰি উঠে ধেমাজি বাসীৰ। কাৰণ ২০০৪ চনৰ স্বাধীনতা দিৱস উদযাপন কৰিবলৈ গৈ উগ্ৰপন্থীৰ বৰ্বৰতাৰ বলি হ’ব লগা হৈছিল ১০গৰাকীকৈ নিষ্পাপ শিশুসহ ৩গৰাকী নিৰীহ মহিলাই। এই ঘটনাত জীৱনৰ বাবে পংগুত্ব হ’ব লগীয়া হৈছিল বহুতে। কোনো যদি সন্তানহাৰা হৈছিল, কোনো হৈছিল স্বামীহাৰা, পত্নীহাৰা। বহুতো শিশুৱে হেৰুৱাব লগীয়া হৈছিল পিতৃ-মাতৃক।