Old Aaita

চৰ্চাত এগৰাকী ১০২বছৰীয়া আইতা ! আইতা গৰাকীৰ ঘৰ বাইহাটাত৷ বয়সৰ ওচৰত হাৰ নমনা এইগৰাকী আইতা এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে I

বয়স উকলি যোৱাৰ পিছতো নিজৰ আগ্ৰহ আৰু একাগ্ৰতাৰ লগতে অনুশীলনৰ বাবে ১০২বছৰ বয়সতো নিজ হাতেৰে বয় উলিয়ালে প্ৰায় ১১ খনকৈ ফুলাম গামোচা ৷ ফুলাম গামোচা সাজু কৰিছে এইগৰাকী আইতাই ৷

বয়সেও কৰ্মস্পৃহাক ৰখাব নোৱাৰিলে আইতাগৰাকীৰ ৷ কৰ্মদক্ষ আইতাই ৰাতিপুৱাৰ পৰা ব্যস্ত থাকে ঘৰৰ প্ৰতিটো কামৰ মাজত। কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ পাত্ৰপুৰ গাঁৱৰ এই গৰাকী আইতাৰ নাম হেমপ্ৰভা ডেকা। ইতিমধ্যে এই কৰ্মদক্ষতাৰ বাবে আইতাগৰাকীয়ে স্বীকৃতিপত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে।