ATM Card Scam

দেৰগাঁৱৰ সমীপৱৰ্তী বাদুলীপাৰত ATM কাৰ্ড হেক কৰি ৰঙাঘৰৰ আলহী হ’ল হাৰিয়ানাৰ তিনি যুৱক।

দেৰগাঁও আৰক্ষীৰ জালত পৰা এই তিনি ATM হেকাৰ হৈছে সন্দীপ কুমাৰ, চনু সিং আৰু সত্যৱান।

যোৱা ২ জুলাইত বাদুলীপাৰৰ এটা ATMত প্ৰাঞ্জল গগৈ নামৰ এজন ব্যক্তিৰ ATM কাৰ্ড কৌশলেৰে সলনি কৰি তিনি হেকাৰে লুটিছিল ১ লাখ ১৬ হাজাৰকৈ টকা। প্ৰাঞ্জল গগৈ নামৰ লোকজন ATM মেচিনৰ পিছফালে ঘুৰোতেই কৌশলেৰ এই তিনি হেকাৰে সলনি কৰি লয় ATM কাৰ্ডখন। ইয়াৰ পিছতেই প্ৰাঞ্জল গগৈৰ একাউণ্টৰ পৰা হৰলুকি হয় বৃহং পৰিমানৰ ধন। হাৰিয়ানাৰ এই তিনি ATM হেকাৰ সম্প্ৰতি দেৰগাঁও আৰক্ষীৰ জিম্মাত।