Ayman al-Zawahri killed in Afghanistan

আমেৰিকাৰ চোৰাংচোৱা বাহিনী চিআইএৰ হাতত নিধন হৈছে সন্ত্ৰাসবাদী নেতা আইমান অল-জৱাহৰি। বাহিনীটোৰ ড্ৰোণ আক্ৰমণত জৱাহৰি নিহত হোৱাৰ তথ্য প্ৰকাশ কৰিছে হোৱাইট হাউচে।

আমেৰিকাৰ চোৰাংচোৱা বাহিনীটোৱে আফগানিস্থানত সংঘটিত কৰিছিল গোপনীয় এই আক্ৰমণ।হোৱাইট হাউচে প্ৰকাশ কৰা তথ্য অনুসৰি এই আক্ৰমণৰ লক্ষ্য আছিল বিশ্বত্ৰাস অল-কায়দাৰ শীৰ্ষ নেতাগৰাকী। অৱশ্যে এই আক্ৰমণত কোনো অসামৰিক লোক নিহত হোৱা নাই।