ED Notice

ছোনিয়া গান্ধীলৈ EDৰ চমনৰ বিৰোধিতাৰে দিল্লীৰ ৰাজপথত প্ৰতিবাদ, প্ৰতিবাদৰ পৰাই ৰাহুল গান্ধীক আটক৷ ছোনিয়া গান্ধীক EDৰ চমনৰ বিৰোধিতাৰে আজি দেশজুৰি কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে।

দিল্লীৰ বিজয় চ’কত ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ নেতা–কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। পৰিস্থিতি উত্তপ্ত হোৱাত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ সৈতে ৰাহুল গান্ধীকো আটক কৰে।

আৰক্ষীয়ে আটক কৰিবলৈ অহাৰ সময়তে ৰাহুল গান্ধীয়ে মাটিত বহি পৰে। মাতৃৰ বিৰুদ্ধে EDৰ চমনৰ বিৰোধিতা কৰে। ইয়াৰ পিছতে দিল্লী আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।