Swara Bhasker Death Threat

অভিনেত্ৰী স্বৰা ভাস্কৰৰ জীৱনলৈ আহিছে মৃত্যুৰ ভাবুকি। 

এখন পত্ৰযোগে লাভ কৰিছে তেওঁ এই ভাবুকি, যাৰ পিছতে এতিয়া সৰৱ হৈ পৰিছে মুম্বাই আৰক্ষী।

উল্লেখ্য় যে, পত্ৰখন অভিনেত্ৰীগৰাকীৰ ভাৰ্ছোভাৰ ঘৰলৈ প্ৰেৰণ কৰা হৈছিল।

পত্ৰখন পোৱাৰ পিছতে স্বৰা ভাস্কৰে ভাৰ্ছোভা আৰক্ষী চকীলৈ যায় আৰু নামহীন লোকসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

তেওঁ লগতে কয় যে তদন্ত চলি আছে আৰু "অভিযোগৰ ওপৰত আধাৰিত কৰি, আমি অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে এক অজ্ঞাত অপৰাধ নথিভুক্ত কৰিছো।"

হিন্দীত লিখা পত্ৰখনত কোৱা হৈছিল যে "বীৰ সাভাৰকাৰৰ অপমান কৰা দেশৰ যুৱক-যুৱতীসকলে সহ্য নকৰিব।"