FIFA World Cup 2022

বিশ্বকাপ ফুটবল, অলিম্পিক, কমনৱেলথ গেমছ, এছিয়ান গেমছৰ দৰে মেগা ইভেণ্টবোৰে সদায় এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি কৰি আহিছে।

বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা একাধিক ফুটবলাৰ, খেলুৱৈ, প্ৰশিক্ষক, প্ৰশিক্ষক কৰ্মচাৰীৰ উপৰি অগণন সমৰ্থক আহি উপস্থিত হয় এনে আড়ম্বৰপূৰ্ণ ইভেণ্টবোৰত। ফলত সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশৰ। সেই উৎসৱৰ অন্যতম অংগ হৈছে উদ্দাম পাৰ্টী, নাইট লাইফ, যৌন জীৱন।

কিন্তু আগন্তুক কাটাৰ বিশ্বকাপত জীৱনটো এনেদৰে উপভোগ কৰিব নোৱাৰিব। কাৰণ, অতি ৰক্ষণশীল কাটাৰ প্ৰশাসনে এই ক্ষেত্ৰত জাৰি কৰিছে এক স্পষ্ট নিৰ্দেশনা।