Women Boxing

কমনৱেলথ গেমছ ২০২২ৰ বাবে ঘোষণা হ’ল ভাৰতীয় মহিলা বক্সিং দলৰ খেলুৱৈৰ নাম।

শনিবাৰে দিল্লীত অনুষ্ঠিত হোৱা বক্সিঙৰ বাছনি প্ৰক্ৰিয়াত নিৰ্বাচিত হ’ল বিশ্ব চেম্পিয়ন নিখত জাৰীন আৰু অলিম্পিক বিজয়ী লাভলীনা বৰগোহাঁইসহ আন দুগৰাকী খেলুৱৈ। ২৮ জুলাইৰ পৰা ৮ আগষ্টলৈকে বাৰ্মিংহামত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিব বক্সাৰকেইগৰাকীয়ে।

কমনৱেলথ গেমছৰ বক্সিং দলৰ নিৰ্বাচিত খেলুৱৈসকল হৈছে-নিখত জাৰীন(৫০ কেজি), লাভলীনা বৰগোহাঁই(৭০), নিতু ঘনগাছ(৪৮ কেজি)আৰু জেচমিন(৬০ কেজি)।