Commonwealth Games

অসমবাসীৰ বাবে সুখবৰ। কমনৱেলথ গেমছলৈ যাব অসম জীয়ৰী পপী হাজৰিকা। অহা ২২ জুলাইৰ পৰা ৮ আগষ্টলৈকে বাৰ্মিংহামত অনুষ্ঠিত হ'বলগীয়া কমনৱেলথ গেমছলৈ যোগ্যতা অৰ্জন কৰিছে শিৱসাগৰৰ আমগুৰিৰ জীয়ৰী পপী হাজৰিকাই।

 

কমনৱেলথ গেমছৰ বাবে বৰ্তমান লণ্ডনত কঠোৰ অনুশীলনত ব্যস্ত ভাৰোত্তোলক পপী হাজৰিকা। সুদূৰ লণ্ডনৰ পৰাই অসমবাসীৰ আশীষ বিচাৰিলে ভাৰোত্তোলকগৰাকীয়ে।