Brother

আজি ভাই দুজ। প্ৰধানত উত্তৰ ভাৰতত এই উৎসৱ পালন কৰা হয়। দেৱালীৰ সময়ত বিশেষকৈ পালন কৰা হয় ভাই দুজ।

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও ভাই দুজ উপলক্ষে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ এখন পুৰণি ফটো  সামাজিক মাধ্যমত প্ৰকাশ কৰে আৰু লিখে যে, সত্যৰ বাবে ৰাহুল গান্ধীৰ যুঁজত তেওঁ গৌৰৱান্বিত আৰু সুখী অনুভৱ কৰে। তেওঁ লগতে উল্লেখ কৰে যে, ফটোখন সেই সময়ৰ যেতিয়া ৰাহুল গান্ধীয়ে শ্বুটিং প্ৰতিযোগিতাত যথেষ্ট পদক জিকিবলে সক্ষম হৈছিল। ফটোখনত ভগ্নী প্ৰিয়ংকা গান্ধীৰ কান্ধত হাত থৈ ৰাহুল গান্ধীয়ে বহুতো পদক পিন্ধি থকা দেখা গৈছে আৰু লগতে তেওঁ এজোৰ চশমাও পিন্ধাছে।