Karbi Community

কাৰ্বি পাহাৰত বলিছে নিৰ্বাচনৰ গৰম বতাহ। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তুংগত উঠিছে ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান ।

কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাক ক্ষণত আজি আমি দেখুৱাম কলিয়াবৰ মহকুমাৰ সীমান্তৱৰ্তী ১৭ নং চুচেনধেন্টা পৰিষদীয় সমষ্টিৰ উন্নয়নৰ নমুনা।

বিগত ২০ বছৰে ১৭ নং চুচেনধেন্টা পৰিষদীয় সমষ্টি দখল কৰি থকা কাৰ্যবাহী সদস্য তথা বৰ্তমানৰ বিজেপি প্ৰাৰ্থী কাছে ৰংপিপিৰ সমষ্টিত ৰাইজে উন্নয়নৰ মুখ নেদেখাৰ অভিযোগ আনিছে।