Majuli Library

গ্ৰন্থৰে গঢ়িম আমি ধুনীয়া পৃথিৱী এই মানসিকতা বুকুত লৈ ২০১৭ বৰ্ষতেই মাজুলীত জন্ম হোৱা আঃয়াং টাষ্ট নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে মাজুলীত বিভিন্ন ধৰণৰ সেৱা মুলক কাম কৰাৰ সমান্তৰালভাৱে মাজুলীৰ বিভিন্ন গাঁৱত পুথিভঁ‌ৰাল স্থাপন কৰি শিশু সকলক গ্ৰন্থ অধ্যয়নৰ প্ৰতি আকৰ্ষণ কৰোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

এই উপলক্ষে আজি গোঁসাইবাৰী গাঁৱত ৫০০ খন বিভিন্ন ধৰনৰ গ্ৰন্থেৰে অৰুনোদয় পুথিভঁৰাল নামেৰে  এটি গ্ৰন্থগাৰৰ শুভ উদ্ধোধন কৰা হয় ৷