FIFA World Cup

 ফুটবল বিশ্বকাপৰ খিতাপ দখলৰ সুযোগ লাভ কৰিলে আৰ্জেণ্টিনাই। ষষ্ঠবাৰৰ বাবে ফুটবল বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা। কাটাৰৰ লুছাইল ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ছেমিফাইনেলত ক্রোৱেছিয়াক ৩-০ গ'লত হৰুৱাই ফাইনেলত প্ৰৱেশ কৰে লিঅ'নেল মেছিৰ নেতৃত্বাধীন আৰ্জেণ্টিনা দলে। তিনিওটা গ'লৰ দুটা গ'ল আহে মেছিৰ ভৰিৰ পৰা। মেচখনৰ প্ৰথমাৰ্ধৰ ৩৪ মিনটত প্ৰথমটো, ৩৯ মিনিটত দ্বিতীয়টো গ'ল হোৱাৰ বিপৰীতে তৃতীয়টো গ'ল হয় দ্বিতীয়াৰ্ধৰ ৬৯ মিনিটত। ২০১৪ চনৰ পাছত প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ মেছি বাহিনীৰ।