China Eastern Airline

স্থানীয় চীনা সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, চীনত ১৩৩ জন যাত্ৰী কঢ়িয়াই নিয়া এখন বোয়িং ৭৩৭ যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱা খবৰ পোৱা গৈছে। চাইনা ইষ্টাৰ্ণ এয়াৰলাইনছৰ বিমানখন গুয়াংছি প্ৰদেশৰ ৱুঝৌৰ টেং কাউণ্টিত দুৰ্ঘটনাগ্ৰস্ত হয় আৰু যাৰফলত পাহাৰত জুই লাগে। 

MU5736 বিমানখন গুয়াংঝৌৰ পৰা কুনমিংলৈ উৰা মাৰিছিল আৰু নিশা ১৩.১১ বজাত বিমানবন্দৰৰ পৰা প্ৰস্থান কৰিছিল। বিমানখন নিশা ১৫.০৫ বজাত উপস্থিত হোৱাৰ কথা আছিল।