FIR

চনি টিভিৰ জনপ্ৰিয় কমেডি শ্ব' "দ্য কপিল শৰ্মা শ্ব"ৰ নিৰ্মাতাসকলৰ বিৰুদ্ধে এটা খণ্ডৰ ওপৰত এখন এজাহাৰ দাখিল কৰা হৈছে।

কিয়নো অনুষ্ঠানটোৰ কলাকুশলীসকলে আদালতৰ দৃশ্য প্ৰদৰ্শন কৰাৰ সময়ত সুৰা পান কৰা দেখা গৈছিল। অভিযোগকাৰীয়ে কমেডি শ্ব'ৰ প্ৰযোজকসকলক আদালতক অসন্মান কৰাৰ অভিযোগ উত্থাপন কৰিছে।

এই গোচৰটো মধ্য প্ৰদেশৰ শিৱপুৰী জিলা আৰু সত্ৰ আদালতত সুৰেশ ঢাকাদ নামৰ এজন অধিবক্তাই দাখিল কৰিছে, তেওঁ দাবী কৰিছে যে "আপত্তিজনক দৃশ্য" থকা খণ্ডটো ২১ এপ্ৰিলত চনী টিভিত সম্প্ৰচাৰিত হৈছিল।