Helicopter Accident

শুকুৰবাৰে উত্তৰ কাশ্মীৰৰ গুৰেজ চেক্টৰত ভাৰতীয় সেনাৰ এখন চিতা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়, যাৰ ফলত হেলিকপ্টাৰৰ পাইলট নিহত হোৱাৰ লগতে সহ-পাইলটজন আহত হয়।

বি এচ এফ জোৱানক উদ্ধাৰৰ বাবে গৈছিল হেলিকপ্টাৰখন। প্ৰতিকুল বতৰৰ বাবে হেলিকপ্টাৰখন অৱতৰণ কৰিবলৈ ওলাওতে সংঘটিত হয় দুৰ্ঘটনা।

দুৰ্ঘটনাৰ পিছত উদ্ধাৰ অভিযান দলসমুহ প্ৰেৰণ কৰা হৈছিল। আঘাতপ্ৰাপ্ত সহ-পাইলটজনক ইতিমধ্যে চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰা হৈছে। কিন্তু অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।