Torture

পুনৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা। তেজপুৰত সংঘটিত হৈছে এই ঘটনা। তেজপুৰত বোৱাৰীক কেৰাচিন ঢালি হত্যাৰ চেষ্টা স্বামীৰ পৰিয়ালৰ।

বিবাহৰ পিছৰ পৰাই স্বামীৰ পৰিয়ালে যৌতুক হিচাপে বিভিন্ন সময়ত টকা পইচা দাবী কৰি শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাইছিল বোৱাৰীগৰাকীক। এই নিৰ্যাতন সম্পৰ্কে বহুবাৰ ৰাইজমেল অনুষ্ঠিত হৈ সমস্যা সমাধানৰ চেষ্টা কৰা হৈছিল যদিও বন্ধ হোৱা নাছিল স্বামীৰ পৰিয়ালৰ নিৰ্যাতন।