Affair

হত্যা-হিংসাৰে জৰ্জৰিত অসমত পুনৰ সংঘটিত এক চাঞ্চল্যকৰ ঘটনা। দিন-দুপৰতে ৰাঙলী হ’ল সাতগাঁৱৰ ৰাজপথ। মাছ কটা দাৰে ঘপিয়াই অৱসৰ প্ৰাপ্ত সেনা জোৱানক হত্যা কৰিলে এজন লোকে।

এই লোমহৰ্ষক ঘটনা সংঘটিত হৈছে মহানগৰীৰ সাতগাঁৱত। সাতগাঁৱৰ আমবাৰীত বুধবাৰে দুপৰীয়া সুন্দৰ পথৰ নিবাসী ৰৌছান আলী ওৰফে ফেচানা পাগলাক এখন মাছ কটা দাৰে ডিঙি ৰেপি হত্যা কৰে হাবিবুৰ ৰহমান নামৰ এজন লোকে।