Srimanta Sankardev Sangha

সমুখত শ্ৰীমন্তশংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন। ৬ ফেব্ৰুৱাৰীৰ পৰা মহবন্ধা এৰালতলি পথাৰত অনুষ্ঠিত হ’ব লগীয়া অধিৱেশনক লৈ ভকত বৈষ্ণৱসকলৰ মাজত ব্যাপক প্ৰস্তুতি। 

অধিৱেশনৰ মুখ্য আকৰ্ষণ ৮০ ফুট উচ্চতাৰ আইফেল টাৱাৰ। টীয়কৰ জগদুৱাৰ নপমুৱা গাঁৱত নিৰ্মাণ কৰিছে আইফেল টাৱাৰ। নপমুৱা গাঁৱৰ পৰাগ বৰাৰ নেতৃত্বত অধিবেশনৰ অন্যতম আকৰ্ষণ হিচাপে বিবেচিত হ’ব ৮০ ফুট উচ্চতাৰ আইফেল টাৱাৰ৷

বিগত মাহ জুৰি সুদীৰ্ঘ ৮০ ফুট উচ্চতাৰে বাঁহেৰে নিৰ্মাণ এই ভাস্কৰ্য। অতিথিক আদৰিবলৈ ক্ৰুটি ৰখা নাই আয়োজক সমিতিয়ে৷লক্ষ লক্ষ লোকক আদৰিবলৈ সাজু যোৰহটীয়া ভকত বৈষ্ণৱ।