Budget 2022

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি তৃতীয় দিন। আজি সদনত উত্থাপিত হ’ল ২০২২-২৩ বৰ্ষৰ বিত্তীয় বাজেট। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গানৰ কলি ‘তোৰে মোৰে আলোকৰে যাত্ৰা’ৰে আৰম্ভ বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেট ভাষণ।

মুখ্যমন্ত্ৰীৰ উপস্থিতিত সদনত পূৰ্ণাংগ বাজেট উত্থাপনৰ প্ৰস্তাৱ আগবঢ়ায় বিত্তমন্ত্ৰীগৰাকীয়ে।বহু প্ৰত্যাশিত বাজেটক লৈ উৎকণ্ঠা সৰ্বসাধাৰণৰ। প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক কৃতজ্ঞতা অজন্তা নেওগৰ। এতিয়া পৰ্যন্ত কি কি সিদ্ধান্ত লোৱা হৈছে বাজেটত?