বাজেট ২০২২: কি বস্তুৰ দাম বাঢ়িল, কি বস্তুৰ দাম কমিল?

Budget 2022

আজি সদনত দাখিল কৰা হ’ল ২০২২ বৰ্ষৰ বিত্তীয় বাজেট। ক’ভিড-১৯ মহামাৰীত জুৰুলা দেশবাসীক সম্বোধন কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আৰম্ভ কৰিলে বাজেট দাখিল প্ৰক্ৰিয়া।

২০১৯, ২০২০ আৰু ২০২১ৰ পাছত এয়া হৈছে নিৰ্মলা সীতাৰমণৰ চতুৰ্থখন বাজেট। বাজেটক লৈ সৰ্বসাধাৰণ সন্তুষ্ট নহ’লেও কিন্তু আমি দৈনিক ব্যৱহাৰ কৰা বহুকেইটা সামগ্ৰীৰ মূল্য হ্ৰাস পালে। হেডফোন, ইয়েৰফোন, লাউডস্পীকাৰ, স্মাৰ্ট মিটাৰছ, জুৱেলাৰী, সৌৰশক্তিচালিত সামগ্ৰীৰ দাম বাঢ়িছে। আমদানিকৃত সামগ্ৰীৰ দাম বঢ়াৰ বাবেই এই সামগ্ৰীসমূহৰ দামো বৃদ্ধি পাব বুলি উল্লেখ বিত্তমন্ত্ৰীৰ। আনহাতে, কাট আৰু পলিচ কৰা হীৰা, frozen mussels, frozen squids, asafoetida, ক’ক’ বীন, মিতাইল এলক’হল আৰু এচিটিক এচিডৰ দাম কমিব।

হেডফোনৰ পৰা আৰম্ভ কৰি এক্স-ৰে মেচিনলৈকে আমদানিকৃত সামগ্ৰীৰ ভিতৰত মূল্য হ্ৰাস পোৱা সামগ্ৰীসমূহ হৈছে-
বিশুদ্ধ পেট্ৰ’ল-ডিজেল, ছাতি, ফেশ্বন জুৱেলাৰী, লাউডস্পীকাৰ, ইয়েৰফোন/হেডফোন, স্মাৰ্ট মিটাৰছ, সৌৰশক্তি কোষ, সৌৰশক্তি প্লেট, X-Ray Machines, ইলেক্ট্ৰনিক পুতলাৰ অংশ আদি।

আনহাতে, বাজেটত উল্লেখ কৰা অনুসৰি বহু সামগ্ৰীৰ দাম কমিব। দাম কমিবলগীয়া সামগ্ৰীসমূহৰ নাম হৈছে-
কাপোৰ, ফ্ৰজেন মুচেলছ, ফ্ৰজেন স্কুইডছ, আচাফ’টিডা, ক’ক’ বীনছ, মিথাইল এলক’হল, এচেটিক এচিড, কাট এণ্ড পলিচড হীৰা, পেট্ৰলিয়াম সামগ্ৰীত ব্যৱহৃত ৰাসায়নিক দ্ৰব্য, ম’বাইল ফোনৰ কেমেৰা। কিছু সামগ্ৰীৰ দাম কমিলেও অৱশ্যে সৰ্বসাধাৰণ ৰাইজক যে এইখন বাজেটে যথেষ্ট পৰিমাণে সকাহ দিয়া নাই সেয়া নিশ্চিত।

Category
Profile picture for user UB Photos