Nature Stories

আচৰিত যেন লাগিলেও সত্য়! যোৱা ৩৫ বছৰ ধৰি মানৱ সমাজৰ পৰা আতৰি ঘনজংঘলত বসবাস কৰি আহিছে এগৰাকী ব্যক্তিয়ে।

ব্যক্তি জনৰ নাম কৈলাশ ভূঞা । জামুগুৰিহাটৰ ঘিলাধাৰী নদীৰ পাৰৰ চিতলমাৰী চাপৰিৰ অৰণ্যত বসবাস কৰি আহিছে ব্যক্তি জনে । জংঘলৰ মাজৰ এডাল প্ৰকাণ্ড বগৰীগছৰ ওপৰত টঙীঘৰ সাজি বছৰ বছৰ ধৰি বসবাস কৰি অহা ব্যক্তিজনে বুজি পায় অৰণ্যৰ সুখ দুখ, বুজি পায় বনৰীয়া জীৱজন্তুৰ ভাষা । জংঘলৰ মাজৰ মাটিতেই খেতিবাতি কৰি অৰণ্যকে আপোন ঘৰ হিচাপে মানি অহা ব্যক্তি জনৰ সৈতে একাত্ম হৈ পৰিছে বন্য জীৱ-জন্তুও।