NaKhuwa

অসমীয়া সমাজে ধান চপোৱাৰ লগে লগে পালন কৰে ন-খোৱা উৎসৱ। পৰম্পৰা অনুসৰি গঞা ৰাইজে একেলগে সমূহীয়াকৈ এসাঁজ লগে-ভাগে আহাৰ গ্ৰহণ কৰে ন-খোৱা উৎসৱত।

ৰাজ্যৰ চৌদিশে নৱবৰ্ষৰ আনন্দ-উল্লাস চলি থকাৰ মাজতে গোগামুখ ন-পাম বেৰভঙা গাঁৱত আজি প্ৰায় ২০ ঘৰ পৰিয়ালে পৰম্পৰা ৰক্ষা কৰি কিছু শেহতীয়াকৈ হ’লেও একেলগে ন-খোৱা উৎসৱ পালন কৰিছে।

য’ত পৰম্পৰাগত থলুৱা খাদ্য-সম্ভাৰেৰে গাঁৱৰ সকলোকে এসাঁজ আপ্যায়ন কৰাৰ পিছত আনন্দৰে মিচিং ঐনিতম গীত গাই স্ফূৰ্তি কৰিলে মহিলা সকলে।