T-20 মেচত বতৰে দিব বিধি পথালি! বিগত ২৪ঘণ্টাত ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ…

Barsapara Cricket Stadium

মহানগৰকে ধৰি সমগ্ৰ ৰাজ্যত বৰ্তমান ক্ৰিকেটৰ জ্বৰ ৷ ২অক্টোবৰত বৰ্ষাপাৰাত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত তুমুল যুঁজ ৷ কিন্তু T-20 মেচৰ দুদিন পূবে বতৰ বিজ্ঞানে দিলে বৰষুণক লৈ বতৰা ৷

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞানৰ আগজননী অনুসৰি, বে’ অৱ বেংগল সাগৰ পৃষ্ঠৰ পৰা ১.৫ কিলোমিটাৰ ওপৰত উৎপত্তি হোৱা ধুমুহাৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যত বৰষুণৰ পূৰ্ণ সম্ভাৱনা আছে। আজিৰে পৰা ২৪ ঘণ্টাৰ ভিতৰত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু কিছু অঞ্চলত পাতলীয়া বৰষুণৰ লগতে বিজুলী ধেৰেকেনিৰ সম্ভাৱনা আছে।

ঠিক তেনেদৰে অসম–মেঘালয়ৰ লগতে চুবুৰীয়া ৰাজ্যত অহা ৩০ ছেপ্টেম্বৰৰ পৰা অহা ৩ অক্টোবৰলৈ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণৰ যথেষ্ট সম্ভৱনা আছে। কিন্তু গুৱাহাটীৰ ক্ষেত্ৰত কিছু পৰিমাণে তাপমান হ্ৰাস পাব যদিও আকাশ ডাৱৰীয়া হৈ থকাৰ উপৰি বিজুলী ঢেৰেকনি থাকিব।

Category
Profile picture for user UB Photos