Omicron in India

ভাৰতত কৰোনা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পালে ৭৮১জনলৈ।

বিগত ২৪ ঘণ্টাত দেশত কোৰোণাত আক্ৰান্ত হৈছে ৯,১৯৫জন লোক। মৃত্যু হৈছে ৩০২জনৰ। বৰ্তমান দেশত ৭৭ হাজাৰৰো অধিক কভিড ৰোগীৰ চিকিৎসা চলি আছে।

নতুন সংখ্যাকে ধৰি দেশত কোৰোণা সংক্ৰমিতৰ মুঠ সংখ্যা ৩ কোটি ৪৮ লাখ ৮ হাজাৰ ৮৮৬জন হ’লগৈ। এতিয়ালৈ ৪ লাখ ৮০ হাজাৰ ৫৯২জন লোকে প্ৰাণ হেৰুৱাইছে এই মহামাৰীত।

নতুন সংখ্যা অনুসৰি, অমিক্ৰন ভেৰিয়েণ্টত আক্ৰান্ত ৭৮১জনৰ ২৪১জন লোক সুস্থ হৈ উঠিছে। অমিক্ৰন ভেৰিয়েণ্টৰ আটাইতকৈ বেছি ঘটনা (২৩৮) দিল্লীত পোৱা গৈছে।