The GTAC Tea Lounge

পুনৰ এবাৰ ৰেকৰ্ড গঢ়িলে অসমৰ চাহে। বিশ্বত জনপ্ৰিয় তথা অতি সুলভ মনোহৰি গোল্ড টীয়ে এইবাৰ গঢ়িলে নতুন ৰেকৰ্ড।

গুৱাহাটী চাহ নিলাম কেন্দ্ৰ (GTAC)ত মঙলবাৰে মনোহৰি গোল্ড টীৰ ১ কেজি চাহপাত বিক্ৰী হয় ৯৯,৯৯৯ টকাত। GTACৰ পৰা সৌৰভ টি ট্ৰেৰ্ডাৰ্চে ক্ৰয় কৰে সৰ্বাধিক মূল্যৰ এই চাহপাত।

উল্লেখ্য যে, বিগত বৰ্ষটো মনোহৰি টী গোল্ডৰ এক কেজি চাহপাত বিক্ৰী হৈছিল সৰ্বাধিক ৭৫,০০০ টকাত। এই অভিলেখ নিজেইএইবাৰ ভংগ কৰিলে মনোহৰি গোল্ড টীয়ে।