College Students

ক’ভিডৰ সন্ত্ৰাসত কঁপিছে গুৱাহাটী বিশ্ববিদ্যালয়। গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰ্ছিটী উইক চলি থকাৰ সময়তে সোমবাৰে বিশ্ববিদ্যালয়খনত কেইবাগৰাকী শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে ক’ৰোনা ভাইৰাছ।

মুঠ ২০গৰাকী শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি। এই ঘটনাই সন্ত্ৰাসৰ সৃষ্টি কৰিছে সমগ্ৰ বিশ্ববিদ্যালয়খনতে। ভাৰ্ছিটী উইক চলি থকাৰ মাজতে হোৱা এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ত।

পিছে এতিয়া চলিত বৰ্ষৰ ভাৰ্ছিটী উইকক লৈ উত্থাপন হৈছে বহু প্ৰশ্নৰ। বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি হয়তো বাতিল কৰা হ’ব ভাৰ্ছিটী উইকৰ কাৰ্যসূচী।