North East Education Conclave

ৰাষ্ট্ৰীয় শিক্ষানীতিক লৈ আশাবাদী মুখ্যমন্ত্ৰী। শনিবাৰে আৰম্ভ হ’ল নতুন শিক্ষানীতিৰ একবিংশ শতিকাৰ নতুন যাত্ৰা। শীঘ্ৰেই ৰাজ্যত বলৱৎ হ’ব নতুন শিক্ষানীতি।

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে ঘোষণা কৰে যে অহা দুবছৰৰ ভিতৰত অসমৰ পাঁচখন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়ৰ মৰ্যাদা দিয়া হ'ব।

আজি গুৱাহাটীত উত্তৰ-পূব শিক্ষা সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে অহা দুবছৰৰ ভিতৰত লখিমপুৰ, নগাঁও মহাবিদ্যালয় আৰু জে বি আইন মহাবিদ্যালয়, যোৰহাটৰ জে বি আইন মহাবিদ্যালয়কে ধৰি পাঁচখন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়ৰ মৰ্যাদা দিয়া হ'ব।