Idol Making

আজি ষষ্ঠী। চৌদিশে শাৰদীয় দুৰ্গা পূজাৰ উখল-মাখল পৰিৱেশ। আজি আসনত প্ৰতিষ্ঠা কৰা হ’ব দেৱী দুৰ্গাক।
কেইবামাহ ধৰি মৃণ্ময় শিল্পীসকলে কৰা কষ্ট আৰু চেষ্টাৰ প্ৰতিফলন হ’ব পূজাৰ মণ্ডপত। ন-সাজ পিন্ধা চালে চকুৰোৱা দেৱী মাক দৰ্শন কৰিবলৈ কাইলৈৰ পৰা ভিৰ হ’ব দেৱী মণ্ডপত।