cashback

প্ৰতিদিনৰ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক। 

ইয়াৰ মাজতে আহিছে এটা ডাঙৰ অফাৰ, ১৪.২ কিলোগ্ৰামৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ বুক কৰিলে পোৱা যাব কেছবেক।

আচলতে ডিজিটেল পেমেণ্ট সুবিধা প্ৰদানকাৰী পকেটছ এপৰ জৰিয়তে ৰন্ধন গেছৰ চিলিণ্ডাৰ বুক কৰিলে ১০ শতাংশ পৰ্যন্ত কেছবেক পোৱা যাব।

এই এপে ICICI Bankৰ জৰিয়তে অফাৰ প্ৰদান কৰিব। চাওক কিদৰে পোৱা যাব এই কেছবেক।

পকেটছ এপৰ জৰিয়তে ২০০ টকা বা তাতকৈ বেছি বিল পেমেণ্ট কৰিলে ১০ শতাংশ কেছবেক পোৱা যাব। এই অফাৰ পাবলৈ গ্ৰাহকে কোনো প্ৰমো কোড ব্যৱহাৰ কৰিব নালাগে।