Cylinder Price

ভৱা মতেই যেন সকলো হ'ল। ৰন্ধন গেছৰ মূল্যই সঁচাকৈ অতিক্ৰম কৰিলে ১০০০ৰ ঘৰ। 

আজিৰ পৰা ১৪.২ কিলোগ্ৰাম ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্যত আৰু ৫০ টকা বৃদ্ধি কৰা হৈছে ৷ 

শেহতীয়া সংশোধনৰ সৈতে, ১৪.২ কিলোগ্ৰাম ঘৰুৱা চিলিণ্ডাৰৰ মূল্য এতিয়া গুৱাহাটীত আজিলৈকে প্ৰতি চিলিণ্ডাৰত ১০৪৮.৫০ টকা হ'ব।

ঘৰুৱা ৰন্ধন গেছৰ মূল্য শেষবাৰৰ বাবে ২২ মাৰ্চত বৃদ্ধি কৰা হৈছিল আৰু এটা এলপিজি চিলিণ্ডাৰৰ মূল্য আছিল ৯৯৮.৫০ টকা।

ইফালে, যোৱা সপ্তাহত ১৯.৫কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১০২.৫০ টকা বৃদ্ধি কৰা হৈছিল, অৱশ্যে এতিয়া ইয়াক 8 টকা হ্ৰাস কৰা হৈছে। ইয়াৰ বৰ্তমান মূল্য ২৫০৭ টকা।