LPG Gas

ৰাজ্যত পুনৰ ৰন্ধন গেছৰ নাটনিৰ আশংকা। উত্তৰ-পূবৰ ৭টাকৈ প্ৰকল্পৰ পৰিবহণ সেৱা বন্ধ কৰা হৈছে। মঙলবাৰৰ পৰা অনিৰ্দিষ্টকাললৈ ধৰ্মঘট আৰম্ভ। ট্ৰেন্সপ’ৰ্টাৰসকলক IOCLকৰ্তৃপক্ষই প্ৰতাৰণা কৰাৰ অভিযোগ।

উল্লেখ্য যে, গুৱাহাটী, মিৰ্জা, তিনিচুকীয়া, বঙাইগাঁও প্ৰকল্প বন্ধ ঘোষণা কৰা হৈছে। লগতে ডিমাপুৰ, দুলীয়াজান, শিলচৰ প্ৰকল্প বন্ধ ঘোষণা। বন্ধৰ ফলত বটলিং প্লাণ্টত আবদ্ধ হ’ব ৰন্ধন গেছ কঢ়িওৱা বাহন।

LPG প্ৰকল্পৰ পৰিবহণ সেৱা বন্ধৰ ফলত ৰাজ্যত গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাব পাৰে। এই বৃদ্ধি কেতিয়ালৈ থাকিব সেয়া উত্তৰ-পূব পৰিবহন সংস্থাৰ পৰিবহণ সেৱা পুনৰ আৰম্ভ হোৱালৈ বাট চাব লাগিব।