ৰিলায়েন্স জিঅ'ৰ গ্ৰাহকৰ বাবে সুখবৰ! Reliance Retailয়ে আগবঢ়াইছে 20% কেচবেক

reliance-jio

Reliance Retailয়ে Reliance Jio গ্ৰাহকৰ বাবে ২০ শতাংশ কেচবেকৰ সুবিধা আগবঢ়াইছে।

এই সুবিধা জিওৰ তিনিটা প্ৰিপেইড প্লেনৰ সৈতে উপলব্ধ হ’ব। লগতে এই কেচবেক কেৱল MyJio app বা Jio’ৰ official websiteৰ জৰিয়তে কৰা ৰিচাৰ্জতহে উপলব্ধ হ’ব।

Reliance Jio ব্যৱহাৰকাৰীয়ে কেচবেক পাবলৈ Rs ২৪৯, Rs ৫৫৫, আৰু Rs ৫৯৯ৰ ৰিচাৰ্জ কৰিব লাগিব। এই কেচবেক এজন ইউজাৰৰ একাউণ্টত JioMart পইণ্ট হিচাপে ক্ৰেডিট হ’ব আৰু ৰিলায়েন্স ৰিটেইলৰ যিকোনো লেন–দেনত ব্যৱহাৰ কৰিব পাৰিব।

উল্লেখ্য যে, এতিয়া আগবঢ়োৱা ২০ শতাংশ কেচবেক Reliance Jio–এ নহয়  Reliance Retail–এ আগবঢ়াইছে আৰু এয়া JioMart point হিচাপে ক্ৰেডিট হ’ব। উদাহৰণস্বৰূপে যদি এজন গ্ৰাহকে Rs ৫৫৫ৰ ৰিচাৰ্জ কৰে, তেওঁ Rs ১১০ৰ JioMart point পাব। এই কেচবেক তেওঁ ব্যৱহাৰ কৰিব পাৰিব যেতিয়া তেওঁ যিকোনো ৰিলায়েন্স ৰিটেইলৰ পৰা কমেও Rs ৫৫০ৰ মূল্যৰ বজাৰ কৰিব।

ৰিলায়েন্সৰ এই মহা কেচবেক প্লেন কোম্পানীয়ে নিজৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰডাক্টৰ ক্ষেত্ৰত আগবঢ়াইছে আৰু সদ্যহতে এয়া কোম্পানীৰ টেলিকম ক্ষেত্ৰতো প্ৰদান কৰা হৈছে।

শেহতীয়াকৈ Jio–এ নতুন প্ৰিপেইড প্লেন আগবঢ়াইছে য’ত একবছৰৰ কাৰণে Disney+ Hotstar ম’বাইল চাবস্ক্ৰিপচন ফ্ৰিত পাব। এয়া Rs ৪৯৯ টকাৰ পৰা Rs ২,৫৯৯ৰ ৰিচাৰ্জলৈকে উপলব্ধ।

Category
Profile picture for user UB Photos