Google

স্মাৰ্টফোন আৰু গুগলে বৰ্তমানৰ পৃথিৱীখনক অতি সহজ কৰি তুলিছে। এতিয়াৰে পৰা গুগলে স্মার্টফোন ব্যৱহাৰকাৰীসকলক ভূমিকম্পৰ আগজাননী দিব। এই ব্যৱস্থাৰ জৰিয়তে স্মার্টফোন ব্যৱহাৰকাৰীসকলে ভূমিকম্পৰ কেইটামান মুহূৰ্ত্তৰ আগতেই নিজৰ স্মাৰ্টফোনত ইয়াৰ সংকেত লাভ কৰিব। 

উল্লেখ্য যে, গুগলে স্মার্টফোনৰ জৰিয়তে ভূমিকম্পৰ আগজাননীৰ লগতে ইয়াৰ প্রাবল্য আৰু উৎপত্তিস্থলৰ বিষয়েও ব্যৱহাৰকাৰীসকলক অৱগত কৰিব। ৰাষ্ট্ৰীয় দুৰ্যোগ প্রশমন প্ৰাধিকৰণ আৰু নেচনেল ছিছম'ল'জিক চেণ্টাৰৰ সহযোগত এই সুবিধা আগবঢ়াইছে গুগলে। কেইটামান সপ্তাহৰ ভিতৰতেই স্মার্টফোন ব্যৱহাৰকাৰীসকলে এই সুবিধা লাভ কৰিব পাৰিব।