এতিয়াৰে পৰা ভূমিকম্পৰ আগজাননী দিব গুগলে; কিন্তু কেনেকৈ আগজাননী দিব সেই বিষয়ে জানো আহক...........

earth

স্মাৰ্টফোন আৰু গুগলে বৰ্তমানৰ পৃথিৱীখনক অতি সহজ কৰি তুলিছে। এতিয়াৰে পৰা গুগলে স্মার্টফোন ব্যৱহাৰকাৰীসকলক ভূমিকম্পৰ আগজাননী দিব। এই ব্যৱস্থাৰ জৰিয়তে স্মার্টফোন ব্যৱহাৰকাৰীসকলে ভূমিকম্পৰ কেইটামান মুহূৰ্ত্তৰ আগতেই নিজৰ স্মাৰ্টফোনত ইয়াৰ সংকেত লাভ কৰিব। 

উল্লেখ্য যে, গুগলে স্মার্টফোনৰ জৰিয়তে ভূমিকম্পৰ আগজাননীৰ লগতে ইয়াৰ প্রাবল্য আৰু উৎপত্তিস্থলৰ বিষয়েও ব্যৱহাৰকাৰীসকলক অৱগত কৰিব। ৰাষ্ট্ৰীয় দুৰ্যোগ প্রশমন প্ৰাধিকৰণ আৰু নেচনেল ছিছম'ল'জিক চেণ্টাৰৰ সহযোগত এই সুবিধা আগবঢ়াইছে গুগলে। কেইটামান সপ্তাহৰ ভিতৰতেই স্মার্টফোন ব্যৱহাৰকাৰীসকলে এই সুবিধা লাভ কৰিব পাৰিব। 

স্মার্টফোনসমূহত থকা ক্ষুদ্ৰাকৃতিৰ এক্সিল'মিটাৰৰ জৰিয়তে এই ব্যৱস্থাই কাম কৰিব। কম্পনৰ সময়ত এই এক্সিল'মিটাৰসমূহে ক্ষুদ্ৰ ছিছম' মিটাৰৰ দৰেই কাম কৰে। চার্জিঙত থকা স্মার্টফোনৰ ভাইব্ৰেচনৰ ওপৰত ভিত্তি কৰি এই ব্যৱস্থাই কাম কৰিব। যদিহে একে সময়তে কোনো এটা অঞ্চলত চার্জিঙত থকা যথেষ্টসংখ্যক ম'বাইলত কম্পনৰ অনুভূতি ধৰা পৰে তেতিয়াহ'লে গুগলৰ ছাৰ্ভাৰে ভূমিকম্পৰ সংকেত গ্ৰহণ কৰি ব্যৱহাৰকাৰীলৈ বাৰ্তা প্ৰেৰণ কৰিব। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ভূমিকম্পৰ তীব্ৰতা আৰু উৎপত্তিস্থলৰ বিষয়েও বাৰ্তা প্ৰেৰণ কৰা হ'ব।

এই সন্দৰ্ভত গুগলৰ এগৰাকী বিষয়াই কয়— 'ইণ্টাৰনেট ছিগনেল লাইটৰ গতিত পৰিচালিত হয়। এই গতি ভূমিকম্পৰ গতিৰ তুলনাত অধিক দ্রুত। সেয়েহে ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱাৰ কেইছেকেণ্ডমান পূর্বেই ম'বাইলে ইয়া সংকেত লাভ কৰে। পূৰ্বৰে পৰা কেইবাখনো দেশত এই ব্যৱস্থা ৰূপায়ণ ক হৈছে।' বিষয়াগৰাকীয়ে জনোৱা মতে ভূমিকম্পৰ উৎপত্তিস্থলৰ নিৰ্ধাৰিত কেই কিলোমিটাৰমান এলেকাৰ ভিতৰত এই ব্যৱস্থাৰ জৰিয়তে ভূমিকম্প কেইছেকেণ্ডমান পূর্বে ব্যৱহাৰকাৰীলৈ সংকেত প্ৰেৰণ কৰিব পৰা যাব।

Category
Profile picture for user UB Photos