কংগ্ৰেছৰ ইউটিউব চেনেল হ'ল ডিলিট! কাৰণ এতিয়াও জানিব পৰা নাই বুলি ক'লে দলটোৱে..

Congress YouTube Channel Deleted

ভাৰতীয় জাতীয় কংগ্ৰেছৰ (আইএনচি) অফিচিয়েল ইউটিউব চেনেলটো বুধবাৰে ডিলিট কৰা হয়। এই তথ্য়টো দলটোৰ অফিচিয়েল টুইটাৰ একাউণ্টৰ দ্বাৰা শ্বেয়াৰ কৰা হৈছে।

দলটোৱে লগতে কয় যে ইয়াৰ আঁৰৰ কাৰণ কি এতিয়াওঁ জানিব পৰা হোৱা নাই যদিও অধিক তথ্য়ৰ বাবে তেওঁলোকে ঘটনাটোৰ তদন্ত কৰি আছে।

কংগ্ৰেছেৰ টুইটটোত এইবুলি উল্লেখ আছিল যে, "আমাৰ ইউটিউব চেনেল - 'ইণ্ডিয়ান নেচনেল কংগ্ৰেছ' ডিলিট কৰা হৈছে । আমি ইয়াক ঠিক কৰি আছোঁ আৰু গুগল/ইউটিউব দলৰ সৈতে যোগাযোগ কৰি আছো। আমি ইয়াৰ কাৰণ কি সেয়া অনুসন্ধান কৰি আছো - এটা কাৰিকৰী বিজুতি বা ধ্বংসাত্মক। আশা কৰোঁ সোনকালে ঘূৰি আহিব। টীম আইএনচি ছ'চিয়েল মিডিয়া।"

 

লক্ষণীয়ভাৱে, দলটোৱে উল্লেখ কৰিছে যে এইয়া কাৰিকৰী বিজুতি নে আন কিবা সেয়া স্পষ্ট হোৱা নাই।

Category
Profile picture for user UB Photos