Houston

লাইভ অনুষ্ঠানত অঘটন।আমেৰিকা যুক্তৰাষ্ট্ৰৰ হৌস্তনৰ Astroworld Music Festivalত মৃত্যুক সাবটিলে আঠজন লোকে। শুকুৰবাৰে, নিশা হৌস্তনত সংগীতানুষ্ঠান চলি থকাৰ সময়তে সংঘটিত হয় এই ঘটনা।

জনপ্ৰিয় ৰেপাৰ ট্ৰেভিছ স্কটছৰ লাইভ শ্ব’ চাবলৈ শুকুৰবাৰে নিশা হৌস্তনত ভিৰ কৰিছিল প্ৰায় ৫০,০০০ দৰ্শকে। শুকুৰবাৰে আৰম্ভ হোৱা দুদিনীয়া সংগীত মহোৎসৱৰ অংশ লৈছিল ট্ৰেভিছ স্কটছৰ অনুৰাগীয়ে। শ্ব’ চলি থকাৰ সময়তে একাংশ দৰ্শকে মঞ্চৰ ফালে আগবাঢ়ি যোৱাত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। সংগীতানুষ্ঠানত জনসমাগম বৃদ্ধি হোৱাত সকলোৰে মাজত সৃষ্টি হয় আতংকৰ।